Diet Plan For Athletes in Assamese Language / এজন প্ৰতিভাশালী এথলেটৰ খাদ্য


      উঠি অহা এথলেটসকলৰ বাবে কোনো যাদুকাৰী খাদ্য নাই। আপোনাৰ বাবে সেই খাদ্যই স্বাস্হ্যসন্মত যিটো আপোনাৰ বাবে সহজলভ্য আৰু যিটো খোৱাৰ সাৰ্মথ্য আপোনাৰ আছে। সেই খাদ্যই আপোনাৰ বাবে জুতি লগা আৰু তোমাৰ সন্ত্তষ্ট কৰিব পৰা বিধৰ হ'ব লাগিব। কিন্ত্ত এজন এটলেটে উচিত খাদ্য খাব লাগিব। অৱশ্য ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত দৈহিক আহাৰৰ প্ৰয়োজনীয় পৰিমাণ বেলেগ বেলেগ আৰু এজন এথলেটে অনুশীলন কৰি থাকোঁতে দৈনিক কিছু ওপৰঞ্চি  কেল'ৰিৰ প্ৰয়োজন হয়। এই প্ৰয়োজনবোৰ পূৰাবৰ বাবে ই জৰুৰী যে আপুনি অন্ততঃ দিনৌ তিনিবাৰ ভাৰসাম্যপূৰ্ণ খাদ্য এক নিয়মীয়া বিৰতিৰ অন্তত খাবা। আহাৰ ভালকৈ কৰাটো বিশেষভাৱে জৰুৰী। সেয়েহে মই আপোনালোকক অতি সংক্ষেপে মৌলিক পুষ্টিবোৰৰ সৰ্ম্পকে কিছু কথা ক'বলৈ ওলাইছোঁ, যিবোৰ আপোনাৰ খাদ্যই আপোনাৰ শৰীৰক উচিত পৰিমাণেৰে যোগান ধৰাটো বাধ্যতামূলক।




প্ৰ'টিন: শৰীৰৰ আঁহবোৰৰ গঠন আৰু মেৰামতিৰ বাবে আৰু শক্তিৰ অতিৰিক্ত ভাণ্ডাৰ হিচাপে দেহক প্ৰ'টিনৰ প্ৰয়োজন। মাংস, মাছ, কণী গাখীৰ, চানা এইবোৰ অতি উন্নত মানৰ প্ৰ'টিনৰ উৎস। নিৰামিষভোজীসকলৰ বাবে মাটিকলাই, বিন, মটৰ, বাদাম আৰু গাখীৰ ইয়াৰ প্ৰধান উৎস।

শ্বেতসাৰ: দেহক প্ৰয়োজনীয় শক্তিৰ ইন্ধন যোগোৱা প্ৰধান উৎস হ'ল শ্বেতসাৰ। চাউল, গম আৰু ৰাগী ইত্যাদি খাদ্যপ্ৰাণ, পাউৰুটি আৰু ফলমূল, শাক-পাচলি আৰু কুঁহিয়াৰ শ্বেতসাৰ প্ৰধান উৎস।

খাদ্যপ্ৰাণ: খাদ্যপ্ৰাণে দেহত এটা অতি গুৰুত্বপূৰ্ণ ভুমিকা লয়। ই খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ মৌলিক উৎস চাৰিটা। সেইকেইটা হ'ল- গাখীৰ, ফলমূল আৰু শাক-পাচলি, মাংস আৰু মাছ অথবা মাটিকলাই।

মিনাৰেলছ: ধাতুৰে দেহৰ অতি গুৰুত্বপূৰ্ণ অনেক ক্ৰিয়া-কাণ্ডত সহায় কৰে আৰু আঁহবোৰক স্বাস্হ্যকৰ কৰি ৰাখে। দেহত সকলোতকৈ অধিক পৰিমাণে পোৱা ধাতুটো হ'ল কেলছিয়াম। দাঁত আৰু হাড়ক শক্তিশালী কৰি ৰাখিবলৈ ই প্ৰয়োজনীয়।

আঁহযুক্ত খাদ্য: পাকস্হলীৰ স্বাভা‍ৱিক ক্ৰিয়াৰ বাবে আঁহযুক্ত খাদ্য(ফাইবাৰ) অতি প্ৰয়োজনীয়। চাউল, গম আদিত লাগি থকা তুঁহ, বাকলি, শাক-পাচলি ইত্যাদিপৰা ইয়াক মূলতঃ পোৱা যায়।




পানী: খোৱাপানী, ফলমূল আৰু শাক-পাচলিৰপৰা পোৱা যায় পানী। ইয়াক দেহত প্ৰায় দুই-তৃতীয়াংশ আৰু যথেষ্ট পৰিমাণে গ্ৰহণ কৰা উচিত।

        এটা কেক যেনেকৈ কেইবাটাও উপাদানৰ মিশ্ৰণ, তেনেকৈ আহাৰো নানান উপাদানৰ মিশ্ৰণ। আহাৰৰ এই উপাদানসমূহ হ'ল:-

(১) শ্বেতসাৰ-শক্তি বাবে।

(২) প্ৰ'টিন-দেহ গঠনৰ বাবে।

(৩) কেলছিয়াম-হাড় আৰু দাঁতৰ বাবে।

(৪) আইৰন-তেজক ৰঙীন কৰা পদাৰ্থ।

(৫) ভিটামিন এ-দৃষ্টি, ছাল আৰু অভ্যন্তৰীণ ছালৰ বাবে।

(৬) ভিটামিন চি-স্বাস্হ্যবান আলু, দাঁত আৰু তেজ চলাচল কৰা সিৰৰ বাবে।

(৭) ভিটামিন ডি-হাড় আৰু দাঁতৰ বাবে।

       আহাৰৰ এই উপাদানবোৰক পুষ্টি যোগানকাৰী বোলা হয়। যি আহাৰত এইবোৰ প্ৰয়োজনীয়ভাৱে থাকে তাকেই ভাৰসাম্যপূৰ্ণ আহাৰ বোলা হয়। আহাৰে দীৰ্ঘায়ু আৰু সু-স্বাস্হ্য দিয়ে। আহাৰ হ'ল প্ৰতিৰোধক ঔষধ। কিন্ত্ত মনত ৰাখিব, প্ৰতিযোগিতাৰ আগত আহাৰ হিচাপে কি আহাৰ খাইছে সেইটো যিমান গুৰুত্বপূৰ্ণ তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হ'ল যিটো আহাৰ আপোনাৰ প্ৰতিযোগিতাৰ সময়ত সকলোতকৈ বেছি ভাল লাগে সেইটোহে। বিষয়টো মানসিক আৰু আহাৰৰ ক্ষেত্ৰত এথলেটৰ মনক কি আহাৰে অধিক শক্তিশালী কৰে সেইটোহে গুৰুত্বপূৰ্ণ। আজিৰ এই লিখনিত মই এজন প্ৰতিভাশালী এথলেটৰ খাদ্য কেনেকুৱা হোৱা উচিত ইয়াৰ সৰ্ম্পকে আপোনালোকক জনালোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আপোনালোকে মোৰ এই লিখনিটো নিশ্চয় পঢ়ি ভাল পালে। শেষত মোৰ এটাই অনুৰোধ আপোনালোকে মোৰ এই Article টি Facebook & WhatsApp ত আপোনালোকৰ সকলো Friends কো পঢ়িবলৈ Share কৰি দিয়ে যেন। 


Post a Comment

Previous Post Next Post