৫০ টা প্ৰয়োজনীয় মহৎ লোকৰ বাণী । মহান বাণী । Mahot Lukor Bani

  নমস্কাৰ মৰমৰ পঢ়ুৱৈসকল, আজিৰ আমাৰ এই Mahot Lukor Bani ৰ তথ্যৰাজিত আপোনালোকে মুঠ ৫০ টা অসমীয়া মহৎ লোকৰ বাণী পঢ়িবলৈ পাব। আশা কৰো আপোনালোকে আমাৰ এই তথ্যৰাজি পঢ়ি অলপ হ'লেও নজনা কথা জানি উপকৃত হ'ব। 

আমাৰ টেলিগ্ৰামৰ বাবে - ইয়াত ক্লিক কৰক!



মহৎ লোকৰ মহান বাণী


১. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। - মহাত্মা গান্ধী


২. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। - ৰাজা ৰামমোহন ৰায়


৩. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ - ৰিচাৰ্ড


৪. তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব৷ - লিটন


৫. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷... অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ - আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন


৬. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷ - লেনিন


৭. মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। - স্বামী বিবেকানন্দ


৮. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷ -জ্যোতি প্ৰসাদ আগৰৱালা


৯. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা


১০. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷ - স্বামী বিবেকানন্দ


১১. যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁ লোকে সাগৰ বিচাৰে, কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে। - ফ্ৰেডেৰিক ডগলাছ


১২. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷ - মাৰ্টিন লুথাৰ


১৩. খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। - স্বামী বিবেকানন্দ


১৪. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপুনি৷ ভালেই হওঁক, বেয়াই হওঁক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব৷ - ডেল কাৰ্ণেগী


১৫. কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ


১৬. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা৷ - জুলিয়েট বেষ্টিয়েনা


১৭. মানুহৰ জন্ম হয় সফল হ'বলৈকে , ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷ -প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো


১৮. গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। - ৰোচেন ক্ৰেজ


১৯. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ - মেকিয়াভেলে


২০. ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। - ৰবীন্দ্ৰনাথ ঠাকুৰ


২১. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷ - বেঞ্জামিন ফ্ৰেংকলিন


২২. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ - স্বামী বিবেকানন্দ


২৩. আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। - গুৰু নানক


২৪. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷ - ডেভিদ ফ্ৰষ্ট


২৫. শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। - জৰ্জ ৱাশ্বিংটন


২৬. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ - ভূপেন হাজৰিকা


২৭. শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। - জৱাহৰলাল নেহৰু


২৮. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই৷ - মণ্টেইন


২৯. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷ - ফ্ৰান্সিছ থমছন


৩০. এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। - মাদাৰ টেৰেছা


৩১. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? - নেপ'লিয়ান বোনাপাৰ্ট


৩২. গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। - ৰোচেন ক্ৰেজ


৩৩. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ - মেকিয়াভেলে


৩৪. জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই। - আনন্দ চন্দ্ৰ আগৰৱালা


৩৫. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। - যতীন্দ্র নাথ দুৱৰা


৩৬. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। - এইচ. মেনন


Part Time হিচাপে কাম কৰিও স্বাৱলম্বী হ'ব পৰা এটা পথ


৩৭. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ - মাৰ্গাৰেট বুনেন


৩৮. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে। - ডেল কাৰ্নেগী


৩৯. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ - হজৰত মহম্মদ


৪০. সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ - অভিনয় শিল্পী মৰিচ চেভালিয়া


৪১. আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম৷ - মাৰ্টিন লুথাৰ কিং


৪২. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায়৷ - আৰবীয় প্ৰবাদ


৪৩. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। - জৱাহৰলাল নেহৰু


৪৪. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ - বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক


৪৫. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷ - এৰিষ্ট'টল


৪৬. এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷ - ঋৰ্কৱেদ


৪৭. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। - বাইবেল


৪৮. কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব৷ - ছাৰ জছুৱা ৰেনল্ডছ


৪৯. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস৷ - জেমছ এলেন


৫০. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা৷ - আব্ৰাহাম লিংকন


লগতে পঢ়ক:

কাক কি বুলি জনা যায়

Post a Comment

Previous Post Next Post