Dutee Chand ৰ জীৱনী | Dutee Chand Biography in Assamese / Athletes Biography in Assamese 


          যি এথলেটৰ মন উদ্বেগেৰে ভৰপূৰ, তেওঁ ক্ৰীড়া-কৌশলক নিজ উদ্বিগ্নতাৰে ভাৰাক্ৰান্ত কৰি তোলে। দুশ্চিন্তাই তেওঁক প্ৰয়োজনতকৈ অধিক কঠোৰভাৱে অনুশীলন কৰিবলৈ বাধ্য কৰে। প্ৰতিযোগিতাৰ দিন যিমানে ওচৰ চাপি আহে, দুশ্চিন্তাও সিমানেই বাঢ়ি যায় আৰু ক'ব নোৱাৰাকৈয়ে প্ৰকৃত প্ৰতিযোগিতাৰ সময়ত তেওঁ হৈ পৰে প্ৰায় স্নায়বিকভাৱে ৰোগগ্ৰস্ত। তেওঁ যিমানেই দুশ্চিন্তাক ঢাকিবলৈ চেষ্টা কৰে সিমানেই হৈ পৰে অধিক স্নায়ুদুৰ্বল। আজি মই এই Article টিত আপোনালোকক ক'বলৈ গৈ আছো ল'ৰালিৰ পৰাই চাৰিওফালে এনেধৰণৰ দুশ্চিন্তাই আগুৱাই থকা পিছতো তাক গ্ৰহণ নকৰি বৰ্তমান আমাৰ দেশৰলৈ সুনাম কঢ়িয়া অনা এথলেট Dutee Chand ৰ জীৱনৰ কথা। Dutee Chand এগৰাকী ভাৰতীয় এথলিট। তেখেতে বৰ্তমানলৈকে ১০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় ৰেৰ্কড গঢ়ি অলিম্পিক আৰু এছিয়া গেমছত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছে। 



Dutee Chand ৰ জন্ম আৰু পৰিচয়-


        Dutee Chand ৰ জন্ম ১৯৯৬ চনৰ ৩ ফেব্ৰুৱাৰিত ঊড়িশাৰ জাজপুৰ জিলাৰ এঘৰ দুখীয়া পৰিয়ালত হৈছিল। Dutee ৰ দেউতাকৰ নাম চক্ৰধৰ চান্দ আৰু মাকৰ নাম অখুজী চান্দ। তেখেতে এখন সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে, মাক-দেউতাকে কাম কৰি মাহত পোৱা 500 টকাটোৱে সেই ল'ৰালি সময় চোৱাত পৰিয়াল পোহপাল দিয়াটো তেখেতলোকৰ বাবে বৰ কষ্টকৰ আছিল। ঘৰত বৰ্তমান মাক-দেউতাকৰ সৈতে পাঁচ গৰাকী বাই-ভনী আৰু এজন ভাইক আছে। তেখেতৰ ৰাশি কুম্ভ। 




শিক্ষা- 


         তেখেতে স্কুলীয়া শিক্ষা ঊড়িশাৰ চাকা গোপালপুৰ গাঁৱৰ এক স্হানীয় স্কুলৰ পৰা  কৰিছিল। তাৰপিছত 2013 ত ভুৱেনেশ্বৰ KIIT বিশ্ববিদ্যালয়ৰ পৰা স্বাতক ডিগ্ৰী লাভ কৰে। বাল্যকালত তেখেতে গাঁৱত অনবতে ঘুৰি-ফুৰা লগতে ইফালৰ পৰা সিফালে অকল দৌৰিৰেই আছিল। তেখেতৰ এই কৰ্মৰ দৃশ্য দেখি গাঁৱৰ মানুহে তাইক পাগলী হৈ গ'ল বুলি গুণ গাইছিল। কিন্ত্ত Dutee ৰ খেলৰ প্ৰতি ধাউতি থকা দেখি কলেজৰ খেল বিভাগৰ প্ৰশিক্ষকজনে তাইক নিয়মীয়া কৈ প্ৰশিক্ষণ দিবলৈ ধৰিলে। তাৰ পিছত লাহে-লাহে State Inter Collage আৰু Inter Univercity Games ত পাৰ্ৰদশিতা দেখাই উন্নত প্ৰশিক্ষণৰ বাবে পাটিয়ালালৈ গৈ পিছত পুলেলা গোপীচান্দ একাডেমিত প্ৰশিক্ষণ ল'ব বাবে হাইদৰাবাদলৈ ৰাওনা হয়। তাত প্ৰশিক্ষক N Ramesh দেৱৰ অধীনত প্ৰশিক্ষণ লাভ কৰে। প্ৰশিক্ষণ Dutee এ ল'ৰাবোৰ মাজতেই কৰিব লগীয়া হৈছিল আৰু দেশৰ কাৰণে পিছৰলৈ সুনাম কঢ়িয়াই আনিব বুলি তাইক সকলোৱেই বিশ্বাস কৰিছিল।


Dutee Chand ৰ শাৰিৰীক পৰিচয়-


উচ্চতা: 5 ′ 6 ′

ওজন: 50 KG

চুলিৰ ৰং: Black

চকুৰ ৰং: Black


Dutee Chand ৰ খেলৰ সফলতাসমূহ-


    তেখেতে 2012 ত অনুষ্ঠিত হোৱা Junior National Games ত Under-18 ত 100m Event ত Junior National Champion বনে। 


       2013 ত Pune ত অনুষ্ঠিত Asian Athletics ChampionshipSilver পদক লাভ কৰে আৰু 2013 World Athletics Championship ত 100m Event ত যোগদানৰ কৰা Final Round ত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় মহিলা Athlete হিচাপে স্বকৃতি লাভ কৰে। কিন্ত্ত তেখেতে তাত কোনো পদক লাভ কৰিবলৈ সক্ষম নহ'ল। ঠিক সেই একেটা বৰ্ষতেই ৰাঁচীত অনুষ্ঠিত Senior National Athletics Games ত 100m আৰু 200m Event ত বিজয়ী হৈ Best National Athlete পদক লাভ কৰিবলৈ সক্ষম হয়। 


        জুন 2014 বৰ্ষত অনুষ্ঠিত হোৱা Asian Junior Athletics Championship ত 200m ত Gold Medal লাভ কৰা লগতে 200 মিটাৰ আৰু 4×400m ৰীলেত ভাৰতীয় দ'লৰ হৈ প্ৰতিনিধিত্ব কৰি সেই Games তেই মুঠ দুটাকৈ Gold Madel লাভ কৰি দেশৰ লৈ সুনাম কঢ়িয়াই আনে।


       2016 চনৰ Asian Indoor Athletics's Championship ত তেখেতে 60 মিটাৰ Event ত ভাগ লয় আৰু Qualified ত 7.28 ছেকেণ্ড সময়লৈ India National Recode কৰি Silver Madel লাভ কৰে।


        25 জুন 2016 ত কাজগানিন্তানৰ অল্মাটিত অনুষ্ঠিত 26 বৰ্ষ অনুৰুদ্ধৰ আৰ্ন্তজাতিক বৈঠকত 11.24 ছেকেণ্ড সময় লৈ পুৰণি 100 মিটাৰ দৌৰৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। সেই একেটা বৰ্ষতেই Rio Olympic's Games ত 100 মিটাৰ দৌৰত ভাগ লয় যদিও পদক লাভ কৰা পৰা বিৰত থাকি 100 মিটাৰ দৌৰত Olympic Games ত ভাগ লোৱা তৃতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে নামকৰণৰ তালিকালৈ আহে।


      2017 ত ভুৱেনেশ্বৰত অনুষ্ঠিত হোৱা Asian Athletics's Championship ত 100 মিটাৰ আৰু মহিলা শাখাৰ 4 × 100 মিটাৰ ৰিলেত মুঠ দুটাকৈ Silver পদক লাভ কৰে।


       2018 চনৰ Asian Games ত Dutee Chand এ 100 মিটাৰ দৌৰত Gold Medal লাভ কৰে। এইটো আছিল 32 বছৰৰ পিছত মহিলা শাখাত 100 মিটাৰ দৌৰত Gold Medal লাভ কৰা তথা তেখেতে Asian Games ত ভাৰতৰ হৈ লাভ কৰা দ্বিতীয়টো পদক। যিহেতু 1996 ত PT Usha এ প্ৰথমটো পদক লাভ কৰিছিল। Dutee ৰ এইটোৱেই আছিল তেখেতে প্ৰথমবাৰ Asian Games ত লাভ কৰা পদক। 


        29 আগষ্ট 2018 Asian Games ত 200 মিটাৰ দৌৰত নিজৰ নামত ভাৰতৰ দলৰ হৈ দ্বিতীয়টো Gold Medal পাবলৈ সক্ষম হয়।


       Itali ত অনুষ্ঠিত হোৱা 30th World Athletics's Games ত 100 মিটাৰ দৌৰত 11.32 ছেকেণ্ড সময় লৈ Gold Medal লাভ প্ৰথমগৰাকী ভাৰতীয়  মহিলা হিচাপে স্বীকৃতি লাভ কৰে।


        তেনেহ'লে বন্ধু-বান্ধৱীসকল মোৰ এই লিখনিটি আজি আপোনালোকৰ Dutee Chand ৰ জীৱনী বিষয়ে পঢ়ি কেনেকুৱা লাগিল আৰু আপোনালোকৰ কিবা শুধিব লগীয়া প্ৰশ্ন বা কিবা নতুন কথা জানিব লগীয়া থাকিলে তলত কমেণ্ট কৰি নিশ্চয় জনাব। শেষত আপোনালোকৰ লৈ মোৰ তৰফৰ পৰা এটাই অনুৰোধ অনুগ্ৰহ কৰি মোৰ এই লিখনিটি আপোনালোকৰ সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি তেখেতলোকো পঢ়িবলৈ দিয়ে যেন।


লগতে পঢ়ক:- ৫০ টা মহৎ লোকৰ বাণী


অসমৰ সাধাৰণ জ্ঞান ২০২১


এজন প্ৰতিভাশালী এথলেটৰ খাদ্য


Meesho ৰ পৰা ১০-২৫ হাজাৰ টকা প্ৰতিমাহে

Post a Comment

Previous Post Next Post