সমাজ বিজ্ঞান Class 8 পাঠ ১ - Social Science Class 8 Part 1 প্ৰাকৃতিক সম্পদ


  নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল! আজি আমি তোমাৰলোকৰ পাঠ্যপুথি class 8 social science chapter 1 ৰ তথা অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ১ 'প্ৰাকৃতিক সম্পদ' ত থকা প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ লৈ আনিছোঁ। প্ৰথমে আমি তোমাৰলোকৰ লৈ মূল পাঠটোত থকা মাজৰ ক্ৰিয়াকলাপত লিখিবলৈ দিয়া প্ৰশ্নসমূহৰ লগতে উত্তৰসমূহো আগবঢ়াইছোঁ। আৰু শেষৰ ফালে তোমাৰলোকৰ অনুশীলনত লিখিবলৈ দিয়া সকলো প্ৰশ্ন উত্তৰেই সহায় হোৱাকৈ আগবঢ়াইছোঁ, ভালদৰে মনদি পঢ়িবা নাইবা সুবিধা হোৱাকৈ লিখি ৰাখিবা। 

  আমি আশা কৰোঁ তোমাৰলোকে আমাৰ এই অধ্যায় কৰা অলপ হ'লেও উপকৃত হ'বা। ‍যদিহে সঁচাকৈয়ে উপকৃত হোৱা তেনেহ'লে ইয়াক শেষত যিমান পাৰা সিমানেই শ্বেয়াৰ কৰিবা, যাতে ইয়াৰ দ্বাৰা তোমাৰ অইন বন্ধু-বান্ধৱীসকলেও উপকৃত হ'ব পাৰে। আৰু আমাৰ এই www.assamacademy.com ৱেবছাইটোৰ বিষয়ে সকলোৱে লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।       

Follow UsLinks
Facebook Click Here
TwitterClick Here
Instagram Click Here
TelegramClick Here


class 8 social science chapter 1 

Class 8 Social Science Chapter 1 Questions Answers - অষ্টম শ্ৰেণী সমাজ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ পাঠৰ প্ৰশ্ন আৰু উত্তৰ  


পাঠভিত্তিক প্ৰশ্ন ‍আৰু উত্তৰ 


প্ৰশ্ন ১। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰ:- মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি সকলোবোৰেই প্ৰকৃতিৰ অমূল্য অৱদান আৰু ই মানুহৰ বাবে উপযোগী সম্পদ।


প্ৰশ্ন ২। ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?

উত্তৰ:- দ্ৰুতগতিত হোৱা জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। বৰ্দ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন অধিক। জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, বাট-পথ আদিৰ প্ৰসাৰ ঘটে, ফলস্বৰূপে মাটিৰ চাহিদা বৃদ্ধি পায়। 


প্ৰশ্ন ৩। কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়?

উত্তৰ:- বিভিন্ন কাৰণত ভূমিৰ অৱক্ষয় হয়, যেনে - অপৰিকল্পিত কৃষিকাৰ্য, উদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ, কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ প্ৰয়পগ, অধিক পৰিমাণে কীটনাশক দ্ৰব্যৰ প্ৰয়োগ আদিৰ ফলত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় হয়। 


প্ৰশ্ন ৪। ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্হাসমূহ কি কি?

উত্তৰ:- ভূমি সংৰক্ষণ কৰিব পৰা বিভিন্ন ব্যৱস্হাসমূহ হৈছে তলত দিয়া ধৰণৰ -

ক) মাটিৰ গুণাগুণৰ সাপেক্ষে ঘাঁহ-বন আৰু বৃক্ষৰোপন কৰা।

খ) পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা।

গ) জধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা।

ঘ) উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা।

ঙ) অব্যৱহৃত মাটিত গছ-গছনি ৰোপন কৰা।


প্ৰশ্ন ৫। তোমাৰ অঞ্চলত গৰাখহনীয়া, ভূমিস্খলন আদি হৈছেনে? পৰ্যবেক্ষণ কৰি লিখা। (শিক্ষকৰ সহায় ল'বা)

উত্তৰ:- শিক্ষকৰ সহায়লৈ নিজে পৰ্যবেক্ষণ কৰি লিখিবলৈ চেষ্টা কৰা।


প্ৰশ্ন ৬। ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱা কাৰণ কি?

উত্তৰ:- ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ মূল কাৰণ হৈছে - জনসংখ্যা বৃদ্ধিৰ ফলত যথেষ্ট পৰিমাণৰ পানীৰ ব্যৱহাৰ আৰু পানীৰ উৎসসমূহ প্ৰদূষিত হোৱাৰ কাৰণে। জনসংখ্যা বৃদ্ধিৰ অনুপাতে ব্যৱহাৰযোগ্য পানীৰ যোগান বঢ়া নাই, ফলত ব্যৱহাৰযোগ্য পানীৰ অভাৱে দেখা দিছে। 


প্ৰশ্ন ৭। কি কি ব্যৱস্হা হাতত ল'লে পানীৰ প্ৰদূষণ কমাৰ পাৰি?

উত্তৰ:- পানীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ ল'বলগীয়া ব্যৱস্হাসমূহ হৈছে - 

ক) কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ ব্যৱহাৰ হ্ৰাস কৰা।

খ) উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু বিভিন্ন দ্ৰব্য মিহলি পানী, নদ-নদীত পেলোৱাত বাধা প্ৰদান কৰা।

গ) খাল-বিল, তথা খোৱা পানীৰ উৎসসমূহত গা-ধোৱা, কাপোৰ ধোৱা তথা আৰু গৰু-ম'হ আদি ধোৱা কাৰ্য বন্ধ কৰা।

ঘ) মানুহৰ ঘৰুৱা আৱৰ্জনা তথা পেলনীয়া বস্ত্তবোৰ নৈ বিল আদিত পেলোৱা বন্ধ কৰা। 


প্ৰশ্ন ৯। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্হা গ্ৰহণ কৰিব পাৰি?

উত্তৰ:- পানী সংৰক্ষণৰ বাবে গ্ৰহণ কৰিব পৰা কেইটামান ব্যৱস্হা হৈছে - 

ক) পানীৰ প্ৰদূষণ ৰোধ কৰাৰ কাৰণে ব্যৱস্হা গ্ৰহণ কৰিব লাগে।

খ) যথেষ্ট পৰিমাণে বৃক্ষৰোপনত মনোনিৱেশ কৰিব লাগে।

গ) বেদিকা কৃষিৰ যোগেদি পাহাৰৰ ঢালত পানী সংৰক্ষণৰ ব্যৱস্হা কৰিব লাগে।

ঘ) কৃষিক্ষেত্ৰত প্ৰয়োজন অনুসাৰে জলসিঞ্চনৰ যোগেদি পানী ব্যৱহাৰ কৰিব লাগে।

ঙ) বৰষুণৰ পানী সংগ্ৰহ কৰি নানা কামত ব্যৱহাৰ কৰিব লাগে।

চ) গছ-গছনি ৰোপণৰ জৰিয়তে বাষ্পীভৱনৰ পৰিমাণ হ্ৰাস কৰি পানী সংৰক্ষণ কৰিব পাৰি।

ছ) পানী পুনৰ ব্যৱহাৰৰ যোগেদি ইয়াৰ সংৰক্ষণ কৰিব পাৰি।

জ) পানী ব্যৱহাৰৰ ক্ষেত্ৰত সচেতনতা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণক সচেতন কৰিও কিছু পৰিমাণে পানী সংৰক্ষণ কৰিব পাৰি।


প্ৰশ্ন ১০। বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰ:- বনজ সম্পদৰ পৰা আমি আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি পাওঁ। উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীৰ আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আৰু ভূ-তল জল বৃদ্ধিত সহায় কৰে। জীৱ জগতৰ প্ৰতিটো উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্হাৰ সৃষ্টি কৰি জীয়াই থাকে। 

  আমি বনজ সম্পদসমূহক ৰক্ষণাবেক্ষণ দিব লাগে কিয়নো বৰ্তমান পৃথিৱীত গছ-গছনি, বন্যপ্ৰাণী আৰু অৰণ্যৰ পৰিমাণ কমি গৈছে। জধে-মধে অৰণ্য আৰু বনাঞ্চল ধ্বংস কৰাৰ ফলত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে। বৰ্দ্ধিত জনসংখ্যাৰ বাবে বনজ সম্পদৰ নাটনিয়ে দেখা দিছে। এনেধৰণৰ সমস্যা বা পৰিবেশৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগে। 


প্ৰশ্ন ১২। শক্তি সম্পদ মানে কি?

উত্তৰ:- যিবোৰ সম্পদৰ পৰা শক্তি আহৰণ বা উৎপাদন কৰিব পাৰি তেনেবোৰ সম্পদকেই শক্তি সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে - কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদি পৰম্পৰাগত শক্তি সম্পদৰ লগতে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি আদি অপৰম্পৰাগত শক্তি সম্পদসমূহ।


প্ৰশ্ন ১৩। জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?

উত্তৰ:- জীৱাশ্ম ইন্ধনসমূহ হৈছে পৰম্পৰাগত শক্তি সম্পদ। জীৱাশ্ম ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে অত্যধিক হাৰত জীৱাশ্ম ইন্ধন শক্তিবোৰ খৰচ কৰিলে এইবোৰ সোনকালে শেষ হৈ যাব। সেয়ে জীৱাশ্ম ইন্ধনসমূহক যিহেতু পুনৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি সেয়ে এই ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে।


প্ৰশ্ন ১৪। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ?

উত্তৰ:- শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি অধিক গুৰুত্বপূৰ্ণ কাৰণ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত জীৱাশ্ম ইন্ধনসমূহৰ ভঁৰাল দিনক দিনে কমি আহিছে। অপৰম্পৰাগত শক্তিসমূহ প্ৰদূষণ মুক্ত, নিৰাপদ, পৰিষ্কাৰ, উৎপাদন খৰচ কম।


প্ৰশ্ন ১৫। শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰ:- শক্তি সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। শক্তি সম্পদে আমাক শক্তিৰ যোগান ধৰে যিটো আমাৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। শিল্প উদ্যোগ, কৃষি, পৰিবহন, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজনীয়তা আছে। বৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পূৰ কৰিবলৈকে আমি শক্তি সম্পদ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজন। 


পাঠ্যভিত্তিক অনুশীলন প্ৰশ্ন আৰু উত্তৰ 


প্ৰশ্ন ১। চমু উত্তৰ লিখা


ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যি কোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ:- মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যি কোনো দুটা হৈছে - 

i) দ্ৰুতগতিত হোৱা জনসংখ্যা বৃদ্ধি আৰু

ii) অৰ্থনৈতিক প্ৰতিযোগিতা।


খ) কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা।)

উত্তৰ:- কোনো স্হানৰ জনবসতি ঘন হোৱাৰ দুটা কাৰণ হৈছে - 

i) বসবাস আৰু কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সহজে লাভ কৰা ঠাইত জনবসতি ঘন হয়। অৰ্থাৎ প্ৰাকৃতিকভাৱে সকলো সুবিধা সহজে লাভ কৰা। 

ii) ব্যৱসায়-বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আদিৰ পৰ্যাপ্ত সা-সুবিধা থকা। 


গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দেখুওৱা।

উত্তৰ:- ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হৈছে - 

i) অপৰিকল্পিত কৃষি ক্ষেত্ৰত অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰাৰ ফলত ভূমিৰ অৱক্ষয় হয়। 

ii) নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি, ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি কাৰ্যৰ ফলত ভূমিৰ অৱক্ষয় হয়। 


ঘ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰ:- বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হৈছে - 

i) অত্যধিক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ তুলনাত ব্যৱহাৰযোগ্য পানীৰ যোগান সীমিত হোৱা বাবে।

ii) বৰষুণৰ পৰিমাণ কম হোৱা বাবে ভূতল পানীৰ স্তৰ তললৈ নমাৰ ফলত পানীৰ সংকেট দেখা দিয়ে। তাৰোপৰি অৰণ্যৰ পৰিমাণ হ্ৰাস আৰু নগৰীকৰণৰ কাৰণেও পানীৰ সংকট পৰিলক্ষিত হয়। 


প্ৰশ্ন ২। শুদ্ধ উত্তৰটো বাছি উলিওৱা - 


ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে?

i) অবাবতে পানীৰ টেপ খুলি থলে।

ii) ভূ-গৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।

iii) বৰষুণৰ পানী জমা কৰি থলে।


উত্তৰ:- iii) বৰষুণৰ পানী জমা কৰি থলে।


খ) নিৰ্মল পানী পাবলৈ হ'লে

i) আবৰ্জনাবোৰ নৈত পেলাব লাগে।

ii) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।

iii) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।


উত্তৰ:- iii) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।


গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে

i) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে।

ii) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।

iii) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে।


উত্তৰ:- i) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে।


প্ৰশ্ন ৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টামান শব্দৰ ভিতৰত)

উত্তৰ:- ভূমি সম্পদৰ গুৰুত্ব অপৰিসীম। কৃষি কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ-দুৱাৰ, বাট-পথ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে ইয়াৰ অৱস্হান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, প‍ানীৰ উৎস, খনিজ সম্পদৰ স্হিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত। প্ৰাকৃতিকভাৱে সুবিধা থকা ঠাই কৃষি কাৰ্য তথা বসবাসৰ বাবে উপযোগী হয়, ফলত জনবসতি ঘন হয়।

  গ্ৰামাঞ্চলত কৃষি কাৰ্য কৰি কৃষকসকলে জীৱন নিৰ্বাহ কৰে আৰু ইয়াৰ বাবে তেওঁলোকে বননি, ঘাঁহনি, পিতনি আদি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে। আনহাতে চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, বাটপথ আদিৰ প্ৰসাৰ ঘটে। ফলস্বৰূপে দাঁতিকাষৰীয়া কৃষিভূমি, জলাহভূমি, বন্যভূমি আদি ঠাইলৈ নগৰ সম্প্ৰসাৰিত হয়। সেয়ে মানুহে কৃষিকাৰ্য তথা উদ্যোগ আদি চলাই জীৱন নিৰ্বাহ কৰিবলৈ ভূমি সম্পদৰ গুৰুত্ব ‍অধিক।


প্ৰশ্ন ৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুগুত কৰা। 

উত্তৰ:- পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জানি লৈ লিখিবলৈ চেষ্টা কৰিবা।


প্ৰশ্ন ৫। বনজ সম্পদ আৰু জলজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? 

উত্তৰ:- বনজ সম্পদে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰাৰ উপৰিও আমাৰ খাদ্যসম্ভাৰ আৰু দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বিবিধ সামগ্ৰী যোগান ধৰে। বননিৰ পৰা আমি বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি লাভ কৰোঁ। একেদৰে উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আৰু ভূতল জল বৃদ্ধিত সহায় কৰে। সেয়ে বনজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হোৱা প্ৰয়োজন। 

 আকৌ পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিবলৈকে পানী অপৰিহাৰ্য্য আৰু পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ। পৃথীৱীৰ উপৰিভাগৰ প্ৰায় দুই-তৃতীয়াংশ পানীয় আবৃত যদিও আমাৰ ব্যৱহাৰোপযোগী পানীৰ পৰিমাণ মাত্ৰ ২.৫ শতাংশ। সেয়ে এই মূল্যৱান পানীৰ ব্যৱহাৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন। জনসংখ্যা বৃদ্ধি তথা বিদ্যুৎশক্তি আহৰণ তথা পানীৰ উৎসসমূহ প্ৰদূষিত হোৱা বাবে ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা দিছে, ফলত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। 


প্ৰশ্ন ৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?

উত্তৰ:- শক্তি সম্পদ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ হৈছে - 

ক) সৌৰশক্তি, পৰমাণু শক্তি আৰু বৈকল্পিক শক্তি সম্পদক দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে। 

খ) শক্তি আহৰণ ইন্ধনৰ অপব্যয় কৰিব নালাগে।

গ) উত্তম আৰু কৰ্মক্ষম ইন্ধন ব্যৱহাৰ কৰিব লাগে। 

ঘ) যিমান পাৰি কম পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব লাগে আৰু সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে। 


প্ৰশ্ন ৭। চমু টোকা লিখা - 


ক) বন্যপ্ৰাণী

প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত বন্যপ্ৰাণী হৈছে বনজ সম্পদ। বন্যপ্ৰাণীসমূহৰ আশ্ৰয়ৰ স্হল হৈছে অৰণ্য, ঘাঁহনি, বননি আদি। সম্পদ হিচাপে বন্যপ্ৰাণীৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু পৰিস্হিতিক গুৰুত্ব আছে। জীৱজগতৰ প্ৰতিটো উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্হাৰ সৃষ্টি কৰি জীয়াই থাকে। বন্যপ্ৰাণীসমূহে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মানুহক আনন্দ প্ৰদান কৰে। সম্প্ৰতি দ্ৰুত গতিত বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে বন্যপ্ৰাণীসমূহলৈ এক সংকট নামি আহিছে। বন্যপ্ৰাণীসকললৈ নামি অহা এই সংকট আঁতৰ কৰাৰ অৰ্থে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্য আদিৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে। 


খ) জীৱাশ্ম ইন্ধন 

জীৱাশ্ম ইন্ধনসমূহ পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদিক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। জীৱাশ্ম ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। প্ৰকৃতিৰ বুকুত এই ইন্ধন সীমিত পৰিমাণে পোৱা যায় বাবে ইয়াৰ ব্যৱহাৰত মিতব্যয়ী হোৱা প্ৰয়োজন। কয়লা এবিধ জীৱাশ্ম ইন্ধন। একেদৰে পেট্ৰ'লিয়াম ভূ-পৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন। তৈল খাদৰপৰা খাৰুৱা তেল আহৰণ কৰি শোধনাগাৰত শোধন কৰি পেট্ৰ'ল, ডিজেল, কেৰাচিন আদি উৎপাদন কৰা হয়। জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ ফলত ইয়াৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। এই ইন্ধনসমূহৰ সঠিক সংৰক্ষণৰ ব্যৱস্হা নকৰিলে ভৱিষ্যতে ভূ-গৰ্ভত সঞ্চিত হৈ থকা এনে ইন্ধনসমূহৰ ভঁৰাল শূন্য হৈ পৰিব। 


গ) মৰুকৰণ 

প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াকে মৰুকৰণ বুলি কোৱা হয়। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত কৰা বননি ধ্বংস আৰু অধিক পৰিমাণে পশুচাৰণ কৰাৰ ফলত মৰুভূমিৰ প্ৰসাৰ হ'ব পাৰে। আকৌ অধিক উৎপাদনৰ আশাত খেতি-মাটিত অধিক পৰিমাণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ লগতে জল সিঞ্চন কৰাৰ ফলত মাটিৰ উৰ্বৰতা কমে আৰু ভূতল জল নিম্নগামী হয়। ইয়াৰ ফলস্বৰূপে অঞ্চলটো শুকান হৈ মৰুসদৃশ হ'ব পাৰে আৰু ইয়ে পৰিস্হিতিক ভাৰসাম্যত প্ৰভাৱ পেলায়। 


ঘ) সৌৰশক্ত

সূৰ্যৰ পৰা লাভ কৰা শক্তিক সৌৰশক্তি (Solar Energy) বোলে। সূৰ্য হৈছে অফুৰন্ত শক্তিৰ ভঁৰাল। এই শক্তি প্ৰদূষণ মুক্ত। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষ বা বেটাৰীৰ জৰিয়তে সৌৰবিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ, বিজুলী চাকিৰ লগতে মহাকাশযান, উপগ্ৰহ আদিত সৌৰশক্তি ব্যৱহাৰ কৰা হয়। সৌৰশক্তি হৈছে এক অপৰম্পৰাগত শক্তিৰ উৎস আৰু ইয়াৰ ব্যৱহাৰত পৰিৱেশৰ কোনো ক্ষতি সাধন নহয়। অৱশ্যে এই শক্তি উৎপাদনত উৎপাদন ব্যয় অধিক হয়। 


ঙ) ভূমিস্খলন 

ভূমিস্খলন হৈছে এক প্ৰাকৃতিক দুৰ্যোগ। ই প্ৰাকৃতিক কাৰণ আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত হয়। একেৰাহে হৈ থকা নেৰানেপেৰা বৰষুণ, ভূমিকম্প জোকাৰণি আদিৰ ফলত ওখ ঠাই ভূ-খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন (Land Sliding) বোলে। পাহাৰীয়া অঞ্চলত মানুহে ঘৰ-দুৱাৰ সজাৰ বাবে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলস্বৰূপে ভূমিস্খলন সংঘটিত হয়। 


৮। পাৰ্থক্য দেখুওৱা - 


ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।

উত্তৰ:- গ্ৰামাঞ্চলত মানুহে ভূমিত কৃষিকাৰ্য কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে। গ্ৰাম্য লোকসকলে কৃষিকাৰ্যৰ বাবে বননি, ঘাঁহনি আদি উভালি বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। অৰ্থ‍াৎ গ্ৰামাঞ্চলত ভূমিৰ সৰহ অংশ কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়। 

  আনহাতে, চহৰ অঞ্চলত জনসংখ্যাৰ পৰিমাণ অধিক হোৱা বাবে ভূমিৰ প্ৰয়োজন অধিক হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, পাট-পথ আদিৰ সম্প্ৰসাৰণ ঘটে। চহৰ অঞ্চলত ভূমিৰ পৰিমাণৰ তুলনাত জনসংখ্যা বেছি হোৱা হেতুকে দাঁতিকাষৰীয়া কৃষিভূমি, জলাহভূমি আদিলৈ নগৰৰ প্ৰসাৰণ ঘটে। সেয়ে আমি ক'ব পাৰোঁ নগৰ অঞ্চলৰ ভূমি ভাগ প্ৰধানকৈ ব্যৱসায়-বাণিজ্য, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, উদ্যোগ আদিত ব্যৱহৃত হয়। 


খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ পাৰ্থক্য 

উত্তৰ:- পৰম্পৰাগত শক্তিৰ উৎস হৈছে জীৱাশ্ম ইন্ধনৰ লগতে কাঠ, খৰি আদি। পৰম্পৰাগত ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। পৰম্পৰাগত শক্তিৰ ভঁৰাল সীমিত। কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদি পৰম্পৰাগত শক্তিৰ উদাহৰণ। পৰম্পৰাগত শক্তিত প্ৰদূষণৰ মাত্ৰা অধিক হয়। 

  আনহাতে, অপৰম্পৰাগত শক্তিৰ উৎস হৈছে - সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আদি। অপৰম্পৰাগত শক্তি হৈছে নবীকৰণযোগ্য শক্তি আৰু এই শক্তিৰ ভঁৰাল সীমিত নহয়। অপৰম্পৰাগত শক্তি ব্যৱহাৰৰ ফলত প্ৰদূষণৰ মাত্ৰা কম হয়। অধিকাংশ অপৰম্পৰাগত শক্তিৰ উৎস প্ৰদূষণহীন আৰু পৰিৱেশ উপযোগী। অপৰম্পৰাগত শক্তিৰ উদাহৰণ হৈছে - পাৰমাণৱিক শক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি, জোৱাৰৰ শক্তি, বতাহ শক্তি, সৌৰশক্তি আদি। 


প্ৰশ্ন ৯। তোমাৰলোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰা উপায়সমূহ উল্লেখ কৰা।

উত্তৰ:- বনজ সম্পদসমূহৰ সংৰক্ষণ তথা বৃদ্ধিৰ বাবে নিম্ন উল্লেখিত উপায়সমূহ গ্ৰহণ কৰাটো আৱশ্যক - 

ক) বনজ সম্পদৰ সদব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা।

খ) বনজ সম্পদৰ মজুত আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলা। 

গ) সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতাৰ সৃষ্টি কৰা আৰু তেনে ধৰণৰ কাৰ্যকে উৎসাহিত কৰা। 

ঘ) অৰণ্য ধ্বংসকাৰী উপাদানসমূহক চিনাক্ত কৰি তাৰ যথোপযুক্ত ব্যৱস্হা গ্ৰহণ কৰা। 

ঙ) বৰ্ধিত জনসংখ্যাই যাতে অৰণ্য আৰু বন্যপ্ৰাণীৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি চোকা পহৰাৰ ব্যৱস্হা কৰা আৰু জনসাধাৰণৰ মনত সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা। 


লগতে পঢ়া -


Post a Comment

Previous Post Next Post