Assamese General Knowledge / অসমীয়া সাধাৰণ জ্ঞান ২০২২


    প্ৰত্যেক দেশৰ দৰে আমাৰ দেশ ভাৰততো প্ৰত্যেক বছৰে বহু চৰকাৰী চাকৰি ওলাই থাকে। যেনে আৰ্মি,  পুলিচ, বেংক, ৰেলৱে আদিত। এই বিভিন্ন ক্ষেত্ৰত চাকৰিৰ বাবে হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে আবেদন কৰে আৰু তাৰ বাবে অশেষ প্ৰস্তুুতি চলাই। তাৰ ভিতৰত দেখা যায় কিছু প্ৰাৰ্থীয়ে সফল হয় আৰু কিছু প্ৰাৰ্থীয়ে বাৰ বাৰ বিফল হৈ আশা ভাঙি যায় চাকৰিৰ প্ৰতি। বিফল হোৱাৰ কাৰণ চা'বলৈ গ'লে দুটাই কাৰণ দেখা পোৱা যায়, যে হয়তো তেওঁ কষ্ট কৰিব নোখোজে অথবা তেওঁৰ পঢ়াৰ জ্ঞান সীমিত/সামান্য।                                                                                  

  কিছু লোকে বিশ্বাসও কৰি লোৱা দেখা যায় যে চৰকাৰী চাকৰি সকলোৰে ভাগ্যত নাথাকে। কিন্তুু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। সেয়েহে কোনো এটা পৰীক্ষা দিয়াৰ আগত যদি আপুনি পদটোৰ কাৰণে কি লাগিব কেনেকুৱা প্ৰশ্ন আহিব আটাইবোৰ কথাৰ ওপৰত গুৰুত্ব দি আগবাঢ়ে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব। যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে আপুনি এটা বিষয়ত বেছিকৈ গুৰুত্ব দিয়া উচিত সেইটো হ'ল সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ প্ৰতি। চাকৰিৰ ক্ষেত্ৰত পৰীক্ষাত সদায় আপোনাক সচৰাচৰ হৈ থকা ঘটনাৰ ওপৰত আপোনাৰ জ্ঞানৰ পৰীক্ষা লয় বা প্ৰশ্ন সুধে। সেয়ে আপুনি যদি কোনো বিভাগত আবেদন কৰিছে তেন্তে পৰীক্ষাৰ বাবে যিমান পাৰে সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন আছে।                                                                                                সেয়ে সকলো আবেদন প্ৰাৰ্থীক আগত ৰাখি আমি আপোনাৰ সুবিধাৰ বাবে কিছুমান জানিবলগীয়া প্ৰশ্নৰ উত্তৰ এই Article ৰ জৰিয়তে জনাব বিছাৰিছোঁ। যিটো পঢ়ি আপুনি কিছু পৰিমাণে হ'লেও আপোনাৰ সুবিধা তথা উপকৃত হ'ব। এতিয়া পৰা আমাৰ এই ৱেবছাইটটোৰ জৰিয়তে সদায় নতুন নতুন প্ৰশ্নোত্তৰ পাই থাকিব আৰু আপুনি পঢ়ি আপোনাৰ জ্ঞানৰ পৰিধি বঢ়াব পাৰিব।


Assam Police GK 2021 / Important Gk in Assamese language / অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ ২০২১

প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰসমূহ শেষৰ ফালে দিয়া হৈছে।


১. গেছৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?


ক) বেৰোমিটাৰ

খ) থাৰ্মোমিটাৰ

গ) মনোমিটাৰ

ঘ) ওপৰৰ এটাও নহয়



২. 'ৰাজীৱ গান্ধী খেল ৰত্ন' বঁটা কোন চনৰ পৰা আৰম্ভ কৰা হৈছে?


ক) ১৯৯০-৯১

খ) ১৯৯১-৯২

গ) ১৯৯২-৯৩

ঘ) ১৯৯৩-৯৪



৩. মটৰ চাইকেল কোনে আৱিষ্কাৰ কৰিছিল?


ক) ৰবাৰ্ট ফালটন

খ) জন ব'ড ডানলপ

গ) জেমস্ হৰিসন

ঘ) থোমাছ এডিসন



৪. গীতাঞ্জলী কাৰ ৰচনা?


ক) ৰাধাকৃষ্ণণ

খ) ৰবীন্দ্ৰনাথ ঠাকুৰ

গ) কে. হাজৰিকা

ঘ) তুলসি দাস



৫. 'মেইন ক্যাম্প' কিতাপখনৰ লিখক কোন?


ক) আলেকজেণ্ডাৰ দ্যা গ্ৰেট

খ) এডলফ হিটলাৰ

গ) ছাৰ উইনষ্টন চাৰ্চিল

ঘ) বেনিটো মুচলিনী



৬. প্ৰাপ্ত বয়স্ক লোকৰ হৃদস্পন্দৰ গড় কিমান?

 

ক) ৬০ বাৰ

খ)৭২ বাৰ

গ) ৮৪ বাৰ

ঘ) ৯০ বাৰ 



৭. ৰাজ্য সভাৰ কাৰ্যকাল কিমান বছৰ?


ক) ৫ বছৰ

খ) ৬ বছৰ

গ) ৪ বছৰ

ঘ) স্হায়ী



৮. ভাৰতৰ কম বৃষ্টিপাত হোৱা ঠাইখনৰ নাম কি?


ক) লেহ

খ) জয়চালমেৰ

গ) যোধপুৰ

ঘ) বিকানীৰ



৯. সতীদাহ প্ৰথা কোনে প্ৰতিবাদ কৰিছিল?


ক) ৰাজা ৰাম মোহন ৰায়

খ) জৱাহৰলাল নেহৰু

গ) সুভাষ চন্দ্ৰ বসু

ঘ) মদন মোহন মালব্য



১০. বুদ্ধ দেৱৰ শিশুকালৰ নাম কি?


ক) গৌতম

খ)সিদ্ধাৰ্থ 

গ) মহাবীৰ

ঘ) চানক্য


শুদ্ধ উত্তৰসমূহ:- ১. গ)  ২. খ)  ৩. ক)  ৪. খ)  ৫. খ)  ৬. খ)  ৭. খ)  ৮. ক)  ৯. ক)  ১০. খ) 



লগতে পঢ়ক:- অসমীয়া সাহিত্য কুইজ

Post a Comment

Previous Post Next Post