যোগ শিক্ষক কেনেদৰে হ'ব পাৰি, যোগ শিক্ষকৰ দৰমহা কিমান, যোগ শিক্ষকৰ বাবে কিমান শিক্ষা যোগ্যতাৰ প্ৰয়োজন


     যদি আপুনি স্বাস্হ্যৰ প্ৰতি ধ্যান ৰখা লোকৰ সেৱা আগবঢ়াব বিচাৰে, যদিহে আপুনি যোগ শিক্ষক হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেতিয়া হ'লে আপোনাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিভিন্ন সুবিধা আছে। প্ৰত্যেক ব্যক্তিয়ে যোগ সাধনাৰ মাধ্যমেৰে সুস্থ হৈ থকাৰ প্ৰয়াস কৰে। এক মহান লোকৰ মতে যোগ হৈছে আত্মা আৰু পৰ‌আত্মাৰ মিলনৰ এক মাধ্যম। সেইবাবেই প্ৰত্যেক ব্যক্তিকে এগৰাকী যোগ শিক্ষকৰ প্ৰয়োজন।

       যদিহে আপুনি যোগ গুৰু নাইবা শিক্ষক হোৱাৰ ইচ্ছা ৰাখে তেনেহ'লে আপোনাৰ এইটো জনাটো আৱশ্যক যে যোগ শিক্ষক হয় কি, যোগ শিক্ষকৰ কাম কি, যোগ শিক্ষক কি দৰে হ'ব পাৰি, দৰমহা কিমান আদি। আজিৰ এই লেখাটিত আমি ওপৰোক্ত সকলো বিষয় সামৰি বিৱৰণ দিয়াৰ চেষ্টা কৰিছোঁ।


Yoga Teacher কেনেকৈ হ'ব পাৰি / Yoga Teacher হ'বলৈ কি কৰিব লাগে?

    আমাৰ দেশত যোগকলা এবিধ অতি প্ৰাচীন কলা আৰু ইয়াক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ হৈ থকাৰ এক বৈজ্ঞানিক কৌশল হিচাপে মনা হয়। যোগে মানুহক বেমাৰৰ পৰা মুক্তি দিয়াৰ লগতে জীৱন গঢ়া এক নতুন মাত্ৰা প্ৰদান কৰে। যিয়ে যোগৰ ক্ষেত্ৰ খনত কেৰিয়াৰ গঢ়াব বিচাৰে তেওঁৰ বাবে যোগ শিক্ষক হৈছে এক পচন্দৰ বৃত্তি।

     আমি আপোনাক জনাবলৈ বিছাৰিছোঁ যে যোগ শিক্ষকৰ বাবে কিমান যোগ্যতাৰ প্ৰয়োজন, কিও চি আই(QCI) ত যোগ শিক্ষকৰ বাবে আৱেদন কেনেদৰে কৰিব, দৰমহা কিমান আদি।


যোগ শিক্ষক কাক বোলে? (What is yoga teacher in Assamese

     যেনেদৰে সকলো বিষয়ৰ অধ্যয়নৰ বাবে বেলেগ বেলেগ শিক্ষক থাকে তেনেদৰে যোগৰ অনুশীলনৰ বাবেও এগৰাকী শিক্ষক থাকে। তেওঁক যোগ শিক্ষক (Yoga Teacher) বোলে। যিজনে  নেকি আমাক সুস্থ হৈ থাকিবলৈ বিভিন্ন স্বাস্থ্য সমন্ধীয় গতি বিধিবোৰ কৰোৱাই। যোগ এক এনে এবিধ ঔষধ যিয়ে শৰীৰ, আত্মা আৰু মনক সম্পূৰ্ণ ৰূপে সুস্থ হৈ থকাত সহায় কৰে। চাবলৈ গ'লে আজিকালি ভূল খাদ্যাভ্যাস আৰু ন ন অসুখৰ লক্ষ্য ৰাখি প্ৰত্যেকজন ব্যক্তিক যোগ সাধনাৰ প্ৰয়োজন।


যোগ শিক্ষক কেনেদৰে হ'ব পাৰি (How to Become Yoga Teacher in Assamese)


     যিজনে যোগ শিক্ষকৰ বৃত্তিক পেছা হিচাপে ল'ব বিচাৰে তেতিয়া তেওঁ দ্বাদশ পাছ কৰাৰ পিছত ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম কৰিব লাগিব। ডিগ্ৰী বা ডিপ্লমা পোৱাৰ পাছত কেইবছৰমান যোগৰ অভ্যাস কৰাটো বাঞ্ছনীয়। লগতে তেওঁ (QCI) কুৱালিটি কাউন্সিল অৱ ইণ্ডিয়াত অন্তৰ্ভুক্ত হ'ব লাগিব। যিয়ে তেওঁক যোগ্যতাৰ প্ৰমাণ দাঙি ধৰিব। লগতে তেওঁ যোগ বিষয়ক এক পৰীক্ষাত নিদিষ্ট নম্বৰেৰে উত্তীৰ্ণ হব লাগিব। যোগ শিক্ষকৰ বাবে একাগ্ৰতা, কষ্ট আৰু পৰিশ্ৰমৰ প্ৰয়োজন।

     যদি আপুনি যোগ শিক্ষক হ'ব বিচাৰিছে তেনেহ'লে আপুনি ধ্যান ৰখা উচিত যে এই ক্ষেত্ৰত আপোনাক একৰ পৰা তিনি বছৰ পৰ্যন্ত পাঠ্যক্ৰম কৰিব লাগিব। সেয়ে পাঠ্যক্ৰম নিৰ্বাচন কৰোতে অতি সাৱধানে নিৰ্বাচন কৰিব লাগে। যেনেকৈ বি. এড (B. Ed) বা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে যি সম্পূৰ্ণ কৰাৰ পিছত এখন প্ৰমাণ পত্ৰৰ আধাৰত যোগ শিক্ষক হোৱাৰ বাবে উপযুক্ত হৈ উঠে।


যোগ শিক্ষক হোৱাৰ শিক্ষা যোগ্যতা (Qualification to Become Yoga Teacher in Assamese

     যদিহে আপুনি যোগ শিক্ষক হ'ব বিচাৰে তেনেহ'লে আপোনাৰ কিছুমান কৌশল আৰু যোগ্যতা থকাটো বাঞ্চনীয়। যোগ শিক্ষক হ'ব বিচৰিলে আপুনি দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম কৰিব পাৰে। ইয়াৰ পাছত B.P.Ed ত নাম অন্তৰ্ভূক্ত কৰাবলৈ শাৰীৰিক শিক্ষাত যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

    যোগ শিক্ষক হ'বলৈ শাৰিৰীক আৰু মানসিক ভাৱে সুস্থ হোৱা অৰ্থাৎ আপোনাৰ ব্যক্তিগত ফিটনেচ ভাল হ'ব লাগিব। লগতে আপোনাৰ নিজৰ বৃত্তিত ৰুচি আগ্ৰহ আৰু বিশ্বাস থাকিব লাগিব। যোগ শিক্ষক হ'ব বিচাৰিলে আপোনাক সকলো মানুহকে অনুপ্ৰাণিত কৰাৰ ক্ষমতা থাকিব লাগিব তেতিয়াহে আপোনাক এজন সফল যোগ শিক্ষক হিচাপে জনা যাব।


যোগ শিক্ষকৰ বাবে কেনেদৰে তৈয়াৰী কৰিব লাগে(How to Prepare for Yoga Teacher in Assamese)

     যোগ শিক্ষক হোৱাৰ বাবে আপোনাক যথেষ্ট কষ্ট আৰু যোগৰ বিভিন্ন কৌশল আৰু লাভা লাভৰ বিষয়ে জ্ঞাত হ'ব লাগিব। যোগ শিক্ষক হ'বৰ বাবে শাৰিৰীক আৰু মানসিক ভাৱে সুস্থ হোৱাটো বাঞ্ছনীয়। পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আপোনাক শাৰিৰীক শিক্ষা আৰু যোগৰ পাঠ্যক্ৰম অতি মনযোগেৰে অধ্যয়ন কৰিব লাগিব। যোগ পৰীক্ষাত সকলো প্ৰশ্ন সুধা হয় আৰু ইয়াৰ বাবে আপোনাৰ আসনৰ ওপৰত জ্ঞান থকাৰ প্ৰয়োজন। লগতে খেলৰ বিষয়ে বিভিন্ন তথ্য জনাতো উচিত কিয়নো মূল পৰীক্ষাত খেলৰ বিষয়েও বিভিন্ন প্ৰশ্ন সুধা হয়। এই ক্ষেত্ৰত আপুনি পুৱা উঠি যোগাসন কৰাটো বাঞ্ছনীয় আৰু যোগৰ আধাৰত লোকক যোগ অভ্যাস কৰাব লাগে।


কুৱালিটি কাউন্সিল অৱ ইণ্ডিয়াৰ বাবে আৱেদন কেনেদৰে কৰা হয় (How to Apply for Quality Council of India in Assamese)

      যদি আপুনি সঁচাকৈয়ে যোগ শিক্ষক হ'ব বিচাৰে তেনেহ'লে কুৱালিটি কাউন্সিল অৱ ইণ্ডিয়াৰ চাটফিকেটত পঞ্জীয়ন কৰাব লাগিব। ইয়াৰ পাছত লেৱেল ১, লেৱেল ২, লেৱেল ৩ অনুসৰি কোনো এখন প্ৰমাণ পত্ৰ নিৰ্ধাৰিত নম্বৰৰ সৈতে QCI (Quality Council of India) দ্বাৰা আয়োজিত পৰীক্ষাত লাভ কৰিব লাগিব। যদি আপুনিও কুৱালিটি কাউন্সিল অৱ ইণ্ডিয়া (QCI) ৰ পৰা ৰে'জিষ্ট্ৰেচন কৰাব বিচাৰে তেনেহ'লে কিওচিয়াই পৰীক্ষাৰ আধাৰত আৱেদন কৰিব পাৰে। ব‌'ৰ্ডৰ দ্বাৰা বিভিন্ন স্তৰত বিভিন্ন মাচুল নিৰ্ধাৰণ কৰা থাকে। যাৰ দ্বাৰা আৱেদনকাৰীয়ে পৰীক্ষা শুল্ক আৰু পঞ্জীকৰন শুল্কৰ আধাৰত আৱেদন কৰিব পাৰে।


যোগ শিক্ষকৰ দৰমহা কিমান (Yoga Teacher Salary in Assamese)

      যোগ শিক্ষকৰ মাহেকীয়া দৰমহা আকৰ্ষনীয়। এগৰাকী যোগ শিক্ষকে মাহিলী ১৫,০০০ পৰা ৩২,০০০ টকা উপাৰ্জন কৰিব পাৰে। ইয়াৰ ওপৰিও অভিজ্ঞতাৰ আধাৰত এগৰাকী যোগ শিক্ষকে বিদেশত অতি ভাল দৰমহাও পাব পাৰে। বেলেগ বেলেগ ৰাজ্যৰ যোগ শিক্ষকৰ দৰমহা বেলেগ বেলেগ হয়। বেচৰকাৰী প্ৰতিষ্ঠানৰ তুলনাত চৰকাৰী প্ৰতিষ্ঠানত দৰমহাৰ পৰিমাণ যথেষ্ট বেছি।


শেষত (Conclusion)

      বন্ধুসকল আমি এই লেখাটিত পঢ়িবলৈ পালোঁ যোগ শিক্ষক কি হয়, যোগ শিক্ষক কেনেদৰে হ'ব পাৰি, যোগ শিক্ষকৰ কাম কি, দৰমহা কিমান , যোগ্যতা কিমান আদি। আপোনাৰ যদি যোগ শিক্ষকৰ ওপৰত আগ্ৰহ আছে তথা কোনো প্ৰশ্ন সুধিব বিচাৰে তেনেহ'লে তলত আমাক সুধিব পাৰে।

      যদি আজি আপুনি যোগ শিক্ষকৰ ওপৰত এই লেখাটি পঢ়ি ভাল পালে তেন্তে চচিয়েল মিডিয়াত ইয়াক প্ৰচাৰ কৰক যাতে আপোনাৰ বন্ধু সকলো উপকৃত হ'ব পাৰে।


লগতে পঢ়ক :- ধীৰু ভাই আম্বানিৰ জীৱনী

Post a Comment

Previous Post Next Post